১৪ মে'ত ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ! বুধবাৰে অনুষ্ঠিত হ'ল পৰ্যালোচনা বৈঠক


 ১ লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে, ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র।

১৪ মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া এই মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত বুধবাৰে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

যুৱক-যুৱতীসকল হৈছে দেশৰ ভৱিষ্যৎ আৰু তেওঁলোকৰ প্ৰতি কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰি সকলো সংশ্লিষ্ট বিষয়াক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে৷

এই পৰ্যালোচনা বৈঠকত অসামৰিক তথা আৰক্ষী প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

Post a Comment

0 Comments