যোৰহাটৰ বাইপাছত হঠাৎ দেখিবলৈ পোৱা গ'ল পানীৰ বৃহৎ ফোঁৱাৰা, ব্যাপক হাৰত নিৰ্গত পানী

 


দুডাল পাইপৰ সংযোগস্থলত ফাট মেলাৰ ফলতে এই ঘটনা সংঘটিত হয় বুলি প্ৰাথমিক তথ্যত প্ৰকাশ ।

বুধবাৰে দুপৰীয়া যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ কলিয়াচুকত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যোৱা পানী পৰিবাহী পাইপ ফুটি ব্যাপক হাৰত পানী নিৰ্গত হোৱা ঘটনাই জনসাধাৰণৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে।

ভোগদৈ আৰক্ষী চকীৰ সমীপত ব্ৰহ্মপুত্ৰৰ পৰা যোগান ধৰা বৃহত্তৰ যোৰহাট পানী যোগান আঁচনিৰ পানী পৰিবাহী এডাল বৃহৎ পাইপৰ পৰা অতি উচ্চ চাপত নিৰ্গত হ'বলৈ ধৰে পানী। এই ঘটনাত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ।

অৱশ্যে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত নিয়ন্ত্ৰণ কৰা হয় পানীৰ সৰবৰাহ। ব্ৰহ্মপুত্ৰৰ পৰা যোৰহাটৰ গ্ৰামাঞ্চলত পানী যোগান ধৰিব লগা প্ৰকল্পটোৰ 'ট্ৰায়েল ৰান'ত এই ঘটনা সংঘটিত হয় বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। দুডাল পাইপৰ সংযোগস্থলত ফাট মেলাৰ ফলতে এই ঘটনা সংঘটিত হয় বুলি প্ৰাথমিক তথ্যত প্ৰকাশ।

Post a Comment

0 Comments