৭০ বছৰ বয়সত MA পাছ কৰিলে এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই, এতিয়া শিক্ষকতাৰে দেশ সেৱা কৰিছে দেৱনাথ বৰদলৈয়ে


 শৈক্ষিক দিশত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। পঢ়াৰ প্ৰতি আগ্ৰহ থাকিলে বয়সে আপোনাক কেতিয়াও বাধা দিব নোৱাৰে। এই কথাকেই যেন প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই। নগাঁও চহৰৰ ডিমৰুগুৰিৰ দেৱনাথ বৰদলৈ নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই ৭০ বছৰ বয়সত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিলে শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

উল্লেখযোগ্য যে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোতেই দেৱনাথ বৰদলৈয়ে ইংৰাজীত  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পঢ়াৰ প্ৰতি দুৰ্বাৰ হেপাহ থকা দেৱনাথ বৰদলৈয়ে সেনা বিভাগত কৰ্মৰত হৈ থাকোতে ১০বাৰকৈ প্ৰ-পত্ৰ পূৰণ কৰিও পৰীক্ষাত বহাৰ পৰা বিফল হৈছিল। তথাপিও হাৰ মনা নাছিল দেৱনাথে। সেনাত কৰ্মৰত হৈ  থকাৰ মাজতে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা দেৱনাথ বৰদলৈয়ে জীৱনৰ অন্তিম মুহুৰ্তলৈকে পঢ়িব বিচাৰে। দেৱনাথ বৰদলৈৰ এম এ পাছ কৰাৰ খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালৰ সকলোৰে লগতে ডিমৰুগুৰিৰ স্থানীয় ৰাইজক।

Post a Comment

0 Comments