কেন্দ্ৰীয় মন্ত্ৰীৰ অনুষ্ঠানত কোনে চলাইছিল অশ্লীল ভিডিঅ’? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে আঁৰৰ কাহিনী


 কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত অসমৰ তিনিচুকীয়া জিলাত মিথানল মিহলি পেট্ৰ’ল (এম 15)ৰ উদ্বোধনী অনুষ্ঠানত হঠাৎ অশ্লীল ভিডিঅ’ প্ৰদৰ্শন হোৱা অপ্ৰত্যাশিত ঘটনাই অনুষ্ঠানত উপস্থিত থকা সকলোকে লজ্জানত কৰাৰ লগতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই ঘটনাৰ আঁৰৰ কাহিনী।

যোৱা ৩০ এপ্ৰিলত তিনিচুকীয়াৰ হোটেল মিৰানাত অনুষ্ঠিত এই ভব্য অনুষ্ঠানটোত লাইভ প্ৰদৰ্শন চলি থকা স্ক্ৰীনত হঠাৎ প্ৰদৰ্শিত হৈছিল অশ্লীল ছবিৰ দৃশ্যাংশ। মুহূৰ্ততে হাহাকাৰ লগা অনুষ্ঠানটোত সেই সময়ত উপস্থিত আছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, জিলাৰ উপায়ুক্ত আৰু আইঅ'চিৰ উচ্চপদস্থ বিষয়াসকল। অনুষ্ঠানটো চলি থকাৰ মাজতে আই অ' চিৰ এজন বিষয়াই ভাষণ দি থকা অৱস্থাত মঞ্চৰ পিছফালে লগোৱা বৃহৎ এল ই ডি স্ক্ৰীনত অনুষ্ঠানটোৰ লাইভ প্ৰদৰ্শন হৈ আছিল। কিন্তু তেনে সময়তে স্ক্ৰীনৰ এটা চুকত অশ্লীল চিনেমাৰ এক দৃশ্যাংশ ভাহি উঠে। কেই ছেকেণ্ডমানৰ বাবে চলি থকা এই পৰ্ণ ভিডিঅ'টো দেখি অনুষ্ঠানটোত উপস্থিত থকা লোকসকলৰ মাজত হুৱাদুৱা লাগে। আৰু লগে লগে এই দৃশ্যাংশ বন্ধ কৰা হয়।


Post a Comment

0 Comments