শিৱসাগৰৰ কইনা লণ্ডনৰ দৰা, সাত সাগৰ তেৰ নদী পাৰ হৈ অসমৰ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল লণ্ডনৰ যুৱক

 


অনলাইন গেম এপত চিনাকী। তাৰ পিছতে সাত সাগৰ তেৰ নদী পাৰ হৈ অসমীয়া যুৱতীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলেহি লণ্ডনৰ এগৰাকী সুদৰ্শন যুৱকে। যুৱকজনৰ নাম পল এন্থনী হেয়াৰউড। পল এন্থনীয়ে সুদূৰ লণ্ডনৰ পৰা আহি মঙললবাৰে নিশা শিৱসাগৰ  খাটপথাৰৰ  লুপামুদ্ৰা গগৈৰ সৈতে আবদ্ধ হ’ল বিবাহপাশত।

পুত্ৰ পলৰ সৈতে আহিল পিতৃ এন্থনী হেৱছন, মাতৃ লিণ্ডা মৰ্গানছ আৰু ভাতৃ। লকডাউনৰ সময়ছোৱাত অনলাইনতে গঢ়ি উঠিছিল শিৱসাগৰৰ জীয়ৰী লুপামুদ্ৰা গগৈ আৰু পলৰ  মাজত প্ৰেমৰ সম্পৰ্ক। পিছত সোঁ-শৰীৰে লগ কৰেহি লোপামুদ্ৰাক। লণ্ডনৰ যুৱকজনে দিছিল বিবাহৰ প্ৰস্তাৱ। অৱশেষত মঙলবাৰে শিৱসাগৰত উপস্থিত হয়হি দৰা পল এন্থনী হেয়াৰউড।

উখল–মাখল পৰিৱেশে বিৰাজ কৰিলে শিৱসাগৰ লুপামুদ্ৰা গগৈৰ ঘৰত। নিশা চকলং প্ৰথাৰে হৈ গ'ল বিয়া। অসমীয়া দৰা সাজ পৰিধান কৰি বিবাহ মণ্ডপত বহিল দৰা। মণ্ডপতে  বিহু গীতৰ তালে তালে এপাক নাচিলেও দৰা পল আৰু ভাতৃয়ে।

দৰা বুলি ক'লেই স্বাভাবিকতে চাবলৈ  উৎসুক হৈ পৰে কইনা ঘৰৰ আত্মীয় স্বজন। তাতে  দৰা আহিল সুদূৰ লণ্ডনৰ পৰা। জোঁৱাইক চাবলৈ ভিৰ কলিলে বহু লোকে। দিলে হিয়া উজাৰি আশিস।

Post a Comment

0 Comments