বানপানী চাবলৈ গৈ পিছলি পৰিল দুই কিশোৰ, সন্ধানহীনক উদ্ধাৰৰ বাবে মোতায়েন SDRF


 কামপুৰত হঠাতে বানত উটি গ'ল দুজন কিশোৰ ৷ কামপুৰ কুঁহিমাৰীত এই ঘটনা সংঘটিত হয় ৷ কিশোৰ দুজন বিনন্দ নাথ আৰু আশিস নাথ বুলি জানিব পৰা গৈছে ৷

হঠাতে ঘটা এই ঘটনাৰ পিছতে লগে লগে ৰাইজে এজনক জীৱন্তে উদ্ধাৰ কৰে। কিন্তু ৰাইজে আনজন কিশোৰক উদ্ধাৰ কৰিব নোৱাৰিলে 

উদ্ধাৰকৃত কিশোৰজন আশিস নাথ। এতিয়াও সন্ধানহীন বিনন্দ নাথক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRF বাহিনীৰ দল ৷ উল্লেখ্য, দুই কিশোৰে মিলি বানপানী (Assam Flood) চাবলৈ গৈ পিছলি পৰিছিল পানীত।

Post a Comment

0 Comments