'অখিল গগৈৰ শৰীৰত নাই অসমীয়াৰ তেজ'- কিয় ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

 


জাগীৰোড সমষ্টিৰ নেলী, শিলচাং আৰু দক্ষিণ ধৰমতুলত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে ৷ নিশাৰ ভিতৰতে প্লাৱিত হৈছে ন ন অঞ্চল ৷ বানত বুৰ গৈছে কেইবা হেক্টৰ কৃষিভূমি ৷ একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷

তাৰ মাজতে দেওবাৰে পুুুত্ৰক লগত লৈ জাগীৰোডৰ বৰখাল, কুমাৰবড়ী আদি কেইবাটাও অঞ্চলত বান পৰিদৰ্শন কৰে অসম চৰকাৰৰ জনসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই ৷ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে চক্ৰ বিষয়া আৰু দলীয় কৰ্মকৰ্তা সকলে ৷

আনহাতে বানাক্ৰান্ত সকলক নিজাববীয়াকৈ কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে৷ জাগীৰোড সমষ্টিৰ ডিমালজানত নিৰ্মীয়মাণ শ্লুইছ গেটটো অহা বছৰ সম্পূৰ্ণ হব আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সকাহ পাব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

ইফালে বটদ্ৰৱা কাণ্ড চৰকাৰৰ গোপন ইংগিতত সংঘটিত হোৱা বুলি ধিঙৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “থানা জ্বলাই দিয়া কাৰ্যক আমি সহজভাৱে লব নোৱাৰো ৷ আমিনুল ইছলামে নিজৰ মানুহক বচাবলৈ এনে কথাবতৰা কৈছে ৷ বটদ্ৰৱা কাণ্ড এক পূৰ্বপৰিকল্পিত ঘটনা ৷”

Post a Comment

0 Comments