অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! সম্ভৱপৰ সকলো সহায় কৰাৰ আশ্বাস অমিত শ্বাহৰ


 ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বানৰ কবলত ২৬খন জিলা। শ শ গাঁও এতিয়া পানীৰ তলত। ৪ লক্ষাধিক লোক বানৰ কবলত পৰিছে। উজনি–নামনি সকলোতে বানত ককবকাইছে বানাক্ৰান্তই। বিভিন্ন স্থানত এতিয়া বানৰ ফলত ব্যাহত পৰিছে যাতায়াত ব্যৱস্থা। বিভিন্ন স্থানত মথাউৰি চিগাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ তথা গড়কাপ্টানী পথৰ ওপৰেৰে বাগৰিছে পানী।

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক টুইটযোগে অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰাৰ কথা সদৰি কৰে।

Post a Comment

0 Comments