৪৮ ঘণ্টাত গুৱাহাটীত ৪টাকৈ লোমহৰ্ষক অপৰাধ, ২টা হত্যাকাণ্ড, দুঠাইত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

 


গুবাহাটীত সাধাৰণ নাগৰিক নিৰাপদনে? এই প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে প্ৰতিগৰাকী মহানগৰবাসীৰ মাজত। কালি তেতেলীয়াত এমট্ৰনৰ একাউণ্টেণ্ট অজিত চেতিয়াক ঘৰতে হত্যা কৰাৰ পিছত আজি পুৱাৰ ভাগত উদ্ধাৰ হয় আন এগৰাকী হত্যাৰ বলি হোৱা লোকৰ মৃতদেহ (Crime in Guwahati)।

গুৱাহাটীত সংঘটিত দ্বিতীয়টো হত্যাকাণ্ড বামুণীমৈদামৰ ৰে'লৱে কলনীৰ। ডিঙি কাটি হত্যা কৰে কাজল চন্দ্ৰ দাস নামৰ এগৰাকী লোকক। ৰে'লৱে কো-অ'পাৰেটিভ ছ'চাইটীৰ অটো ভান চলাইছিল দাসে। মৃতদেহ পোৱা স্থানত দীৰ্ঘদিনৰ পৰা ড্ৰাগছ, মদৰ ঘাটি থকাৰ অভিযোগ তোলে ৰাইজে। আনহাতে আজি গুৱাহাটীৰ বাঘৰবড়িত (Bagharbori) মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো কাবেৰী হাজৰিকাৰ নামৰ এগৰাকী মহিলাৰ আৰু তেওঁৰ মাতৃ বীণাবালা হাজৰিকা নামৰ মহিলাগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।


ইয়াৰ সমান্তৰালভাৱে সোমবাৰে পুৱা গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত (Gandhibasti) উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পথৰ কাষৰ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। মৃতদেহটো হামিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। এই ৪ ঘটনাৰ দুটা হত্যাকাণ্ড বুলি নিশ্চিত যদিও আন দুটা ঘটনা এতিয়ালৈ হত্যাকাণ্ড বুলি জানিব পৰা নাই। ই এতিয়াও ৰহস্যজনক।

দুৰ্ভাগ্যজনকভাৱে অপৰাধী ঘূৰি ফুৰিছে আৰক্ষীৰ বহু আগত। এতিয়ালৈ আৰক্ষীয়ে ঘটনাৰ তদন্ততে সীমাবদ্ধ আছে। এই ঘটনাই সপোনৰ গুৱাহাটীক (Guwahati) এতিয়া দুঃস্বপ্নৰ মহানগৰীৰত ৰূপান্তৰ কৰিছে।

 

Post a Comment

0 Comments