'ৰিপুণ বৰাৰ দিনত হৰলুকি হ'ল দলৰ ৫০ লাখ টকা, ধ্বংস কৰিলে কংগ্ৰেছ দল'-মহাঅভিযোগ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ


 আভ্যন্তৰীণ কন্দলত জৰ্জৰিত কংগ্ৰেছ দল। দলটোত যেন নাইকীয়া হৈছে অনুশাসন। প্ৰায় প্ৰতিদিনেই দলটোৰ ইজন নেতাই আনজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তাৰ মাজতে জ্যেষ্ঠ, কনিষ্ঠ নেতাৰ দলত্যাগে বিপাঙত পেলাইছে দলটোৰ নেতৃত্বত। সোমবাৰে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই আনিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ।

নীলমণি সেন ডেকাৰ মতে ৰিপুণ বৰাৰ সভাপতিত্বৰ কালতে ধ্বংস হ'ল কংগ্ৰেছ দল।নীলমণি সেন ডেকাই কয় যে,' ৰিপুণ বৰাৰ দিনত হৰলুকি হৈছে দলৰ ৫০ লাখ টকা। এতিয়াও সেই টকাৰ তদন্ত চলি আছে। বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ নামত কমেও ৩০জন প্ৰাৰ্থীৰ পৰা ধন লৈছিল ৰিপুণ বৰাই। প্ৰতিটো নিৰ্বাচনতে প্ৰাৰ্থিত্ব প্ৰদানৰ নামত ধন লৈছিল বৰাই।ৰাজ্যসভা নিৰ্বাচনত নিজৰ কৰ্মফল পালে ৰিপুন বৰাই।'

ইফালে ছিদ্দিক আহমেদৰ পৰা বিগত বিধানসভা নিৰ্বাচনত টিকট প্ৰদানৰ নামত জীতেন্দ্ৰ সিঙে ৫ কোটি টকা বিচৰাটো সত্য বুলিও উল্লেখ কৰে নীলমণি সেন ডেকাই। লগতে সাথে আৰু জীতেন্দ্ৰ সিং টকা ঘটিবলৈকে অসমলৈ আহে বুলিও অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

Post a Comment

0 Comments