ULFA-Iৰ ম্যানমাৰৰ কেম্পত চোৰাংচোৱাৰ এজেণ্টক আটক, স্বীকাৰ কৰিলে এটাৰ পিছত আনটো কথা


 নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত ধৰা পৰিছে এজন সেনা আৰু আৰক্ষীৰ চোৰাংচোৱা৷ বিগত কেইমাহমানৰ ভিতৰতে উজনি-নামনিৰ বহুসংখ্যক যুৱক-যুৱতীয়ে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত যোগ দিয়াৰ সময়তে এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মঙলবাৰে আলফা স্বাধীনে প্ৰেৰণ কৰা এক ই-মেইল বিবৃত্তি আৰু এক ভিডিঅ’ বাৰ্তাত উল্লেখ কৰে যে বাইহাটাৰ মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকজন সেনা আৰু আৰক্ষীৰ চোৰাংচোৱা৷ সেনা-আৰক্ষীৰ দ্বাৰা আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল সঞ্জীৱ শৰ্মাক৷

ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই কৈছে- “আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু সেনা বিষয়া ধুনুমণি শইকীয়াই বিশেষ প্ৰশিক্ষণ দি মোক আলফা স্বাধীনত যোগ দিবলৈ প্ৰেৰণ কৰিছিল৷ আলফা স্বাধীনৰ কেম্পৰ খবৰ লোৱা আৰু কেম্পলৈ যোৱাৰ পথৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ মোক কোৱা হৈছিল৷ ইয়াৰ বিনিময়ত মোক এক কোটি টকা দিয়া হ'ব বুলি কৈছিল৷ আলফা স্বাধীনলৈ অহাৰ পূৰ্বে মই সেনা-আৰক্ষীৰ বহু মিচনত কাম কৰিছিলোঁ৷ বিনিময়ত মোক এবাৰ দহ হাজাৰ আৰু এবাৰ বিশ হাজাৰ টকাৰ কমিছন দিছিল৷”

Post a Comment

0 Comments