বাপতিসাহোন ৰঙালী বিহুৰ নামতো কেলেংকাৰী! বিহু নপতা কমিটীয়েও আবেদন কৰিলে চৰকাৰী সাহায্যৰ বাবে


মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাত বিহুত ৰঙালী বিহু উদযাপন কৰা ১০ বছৰ পুৰণি বিহু সমিতিক ডেৰ লাখ টকা সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ পিছতেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰা একাংশ বিহু সমিতি তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ১০ বছৰৰ পূৰ্বে বিহু উদযাপন নকৰা একাংশ বিহু সমিতিয়েও সাহায্যৰ বাবে আবেদন কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নগাঁও জিলাত অসমৰ ভিতৰতে সৰ্বাধিক শতাধিক বিহু সমিতিয়ে এই সাহায্যৰ বাবে আবেদন কৰিছে। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাসমূহৰ ৪৮খন সমিতিয়ে আবেদন কৰিছে বুলি জানিব পৰা গৈছে। আবেদন কৰা এই তালিকাত সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নাম  অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে।

Post a Comment

0 Comments