কেইবাটাও প্ৰকল্প মুকলি-আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ, AFSPA আঁতৰোৱাক লৈ দিলে গুৰুত্বপূৰ্ণ মন্তব্য


 এদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা প্ৰায় ১১ বজাত কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰে। এই কাৰ্যসূচীৰ সময়তে তেওঁ কাৰ্বি আংলঙত পশু চিকিৎসা মহাবিদ্যালয়, স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে।

ইয়াৰ লগতে ''আজাদী কা অমৃত মহোৎসৱ'' উপলক্ষে ''অমৃত সৰোবৰ অভিযান''ৰ অধীনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ প্ৰতিখন জিলাৰ বাবে ৭৫টাকৈ মুঠ ২৬২৫টা সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলঙত বিশাল ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) আঁতৰোৱা হ'ব বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ''৮ বছৰত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন অংশত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যথেষ্টখিনি অঞ্চলৰ পৰা AFSPA আঁতৰোৱা হৈছে।'' তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অসম-মেঘালয় সীমান্ত বিবাদ (Assam-Meghalaya border conflict) সম্পৰ্কে কয় যে বিজেপি চৰকাৰে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তি কৰিছে। এয়া এক আদৰ্শ বুলি উল্লেখ কৰি তেওঁ বাকী ৰাজ্যসমূহেও চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাৰ বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে।

মোদীয়ে (PM Narendra Modi) লগতে কাৰ্বি আংলঙৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আলোচনাৰ মাজলৈ অহা, ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰে। আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি ছখন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ লগতে আন সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।

Post a Comment

0 Comments