''ৰিপুণ বৰা আচলতে বুদ্ধিভ্ৰষ্ট হৈছে, সেই কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে''- দেৱব্ৰত শইকীয়া


 ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ তুলি আজি কলকাতাত তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছে। তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা অভিষেক বেনাৰ্জীয়ে এক টুইটযোগে দেওবাৰে বিয়লি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত (All India Trinamool Congress) যোগদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

দেৱব্ৰত শইকীয়াই  NEWS18 অসম নৰ্থ ইষ্টৰ ডিজিটেল ডেস্কৰ আগত কয়- ''ৰিপুণ বৰাই নেতৃত্ব দিয়া দলটো আজি ত্যাগ কৰিছে৷ এই সিদ্ধান্ত তেওঁ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে লৈছে৷ কংগ্ৰেছ দলে ৰিপুণ বৰাক সকলো দিছিল৷ তেওঁ আচলতে দলীয় স্বাৰ্থৰ বাবে কাম কৰা নাছিল, ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনীতি কৰিছিল, সেইকাৰণে তেওঁ দল ত্যাগ কৰিছে৷ ৰিপুণ বৰা আচলতে বুদ্ধিভ্ৰষ্ট হৈছে, সেই কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে৷''

 

Post a Comment

0 Comments