চিৰাঙৰ বাসুগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

 


অগ্নিকাণ্ডত প্ৰায় ছয়-সাত টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয়৷ বৈদ্যুতিক শ্বৰ্ট–চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে

 চিৰাঙৰ বাসুগাঁৱত অগ্নিকাণ্ড। চহৰৰ মাজমজিয়াত সংঘটিত অগ্নিকাণ্ডত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত গোলামাল আৰু লেপ–তুলিৰ দোকান দুখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷ অগ্নিকাণ্ডত প্ৰায় ছয়-সাত টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয়৷ বৈদ্যুতিক শ্বৰ্ট–চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

Post a Comment

0 Comments