এটা ছচিয়েল মিডিয়া পোষ্টক লৈ কৰ্ণাটকৰ হুবলিত উত্তেজনা, থানাত আক্ৰমণ, আৰক্ষী বিষয়া আহত


 কৰ্ণাটকৰ ধাৰৱাড় (Dharwad, Karnataka) জিলাৰ পুৰণি হুবলি আৰক্ষী থানা (Old Hubli Police Station)ত যোৱা নিশা জনতাই শিল নিক্ষেপ কৰাৰ ঘটনাত প্ৰায় ৪০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত এজন পৰিদৰ্শকসহ ১২ জন আৰক্ষী লোক আহত হৈছিল। আৰক্ষী বিষয়াই জনোৱা মতে আৰক্ষীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ মৃদু লাঠী চাৰ্জ আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। এই হিংসাৰ ফলত চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

ঘটনা অনুসৰি এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি ছ'চিয়েল মিডিয়া (Social Media)ত এটা আক্ৰমণাত্মক পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটোৰ বিৰুদ্ধে একাংশ লোকে আপত্তি কৰিছিল আৰু আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল। ফলস্বৰূপে লোকজনক আৰক্ষীয়ে আটক কৰে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। কিন্তু লোকজনৰ বিৰুদ্ধে লোৱা পদক্ষেপত অসন্তুষ্ট হৈ মাজনিশা আৰক্ষী থানাৰ বাহিৰত এক বৃহৎ জনসমাগম হয় আৰু হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।

Post a Comment

0 Comments