‘২০২৪ কংগ্ৰেছে চৰকাৰ গঠন কৰিব, কংগ্ৰেছৰ ভেটি শক্তিশালী হৈ আছে’ – ক’লে কমলাক্ষ দে পুৰকায়স্থই

 


TMCৰ কোনো ভেটি নাই অসমত, মিটিং কৰি লাভ নাই। TMC অসমৰ কাৰণে কোনো ফেক্টৰ নহয়, বৰাক ভেলীতেই সংগঠন নাই। এই মন্তব্য কৰিছে কমলাক্ষ দে পুৰকায়স্থই।

তেওঁ কয়, এটা ছিটত জয়ী হোৱাটো AAPৰ কাৰণে কোনো ডাঙৰ কথা নহয়। টিকট দিওঁতে ভুল হৈছে কাৰণে জিকিছে। কংগ্ৰেছৰ শক্তিশালী ভেটি আছে, ২০২৪ৰ নিৰ্বাচনত প্ৰমাণ পাব।

হাইকামাণ্ডে মোক ৱাৰ্ড মেম্বাৰ হ'বলৈ ক'লেও মই সাজু বুলি মন্তব্য পুৰকায়স্থৰ। তেওঁ কয়, ‘‘নুৰুল হুদাই কিয় তেনেকৈ কৈছে মই নাজানো। কংগ্ৰেছৰ ভিতৰত অসন্তুষ্টি আছে, সেয়া স্বীকাৰ কৰো। কংগ্ৰেছৰ সমান নেতা, সদস্য কোনো দলতে নাই।’’

শ্বেৰমান আলী প্ৰসংগত পুৰকায়স্থই কয়, শ্বেৰমান আলী যদি নাহে সেয়া তেওঁৰ কথা।ৰাইজৰ কাৰণে যুঁজিবলৈ দলে যি কৰিব লাগে কৰিব। মূল্যবৃদ্ধিৰ সময়ত চৰকাৰে ৩০ কোটি টকা খৰছ কৰিছে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে।

মই বেলেগ দললৈ নাযাওঁ বুলি মন্তব্য কৰি কমলাক্ষ দে পুৰকায়স্থই কয়, ২০২৪ত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম।

Post a Comment

0 Comments