বৰপেটা ৰোডত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ! হঠাত মন্ত্ৰীগৰাকী কিয় আহিল বৰপেটালৈ ?


 কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে মঙলবাৰে বৰপেটালৈ আহে ৷ কেবাটাও কাৰ্যসূচীৰে মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা (বিশেষ) স্পেচিয়েল ৰেলযোগে পোনে পোনে বৰপেটা ৰোডলৈ আহা ৰাজ্যিক ৰেলমন্ত্ৰী গৰাকীক বৰপেটাৰোড ৰেলৱে ষ্টেচন কৰ্তৃপক্ষই ঢোল পেপা গগনা বজাই বিহু নৃত্যৰে ব্যাপক বিপুল আদৰণি জনায় ৷ ৰাজ্যিক ৰেল মন্ত্ৰী গৰাকীক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গামোচা শৰাইৰে আদৰণি জনায় ৷

মন্ত্ৰী গৰাকীক বৰপেটা জিলা প্ৰশাসনৰ লগতে ৰেল বিভাগৰ বিষয়া কৰ্মচাৰী সকলে বিপুল আদৰণি জনায়। বিগত ২০০৯ চনৰ পূৰ্বে দেশৰ ১৭০ খন জিলা বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছিল । কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত ২০১৪ চনৰ পৰা বৰ্তমানলৈকে শিক্ষা স্বাস্থ্য বান গৰাখহনীয়া আদিকে ধৰি আন্তঃগাঁথনি দিশত  কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনি জিলা সমূহত কিদৰে ৰূপায়ণ হৈছে তাৰ পৰ্যবেক্ষণ কৰিবলৈ বৰপেটা জিলাত উপস্থিত হৈ  নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী গৰকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সন্মুখত থকা ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ প্ৰতিমূৰ্ত্তিতো পুস্প অৰ্পণ কৰে ৷ ইয়াৰ পাছতেই মন্ত্ৰী গৰাকীয়ে খৈৰাবাৰীৰ ৮২৭ নম্বৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰি বুজ লৈ কনভয়ৰ মাজৰে বৰপেটালৈ যায় ৷ কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী গৰাকীৰ লগত বৰপেটা অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ লগতে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীয়ে সংগ দিয়ে ৷

Post a Comment

0 Comments