কোনে দখল কৰিব গুৱাহাটী পৌৰ নিগম। পুৱাৰে পৰা অনুষ্ঠিত হৈ থকা ভোটগণনাৰ ফলাফল অনুসৰি, শাসকীয় বিজেপিয়ে লাভ কৰিছে এইপৰ্যন্ত ঘোষণা হোৱা সৰ্বাধিক ৱাৰ্ড। পুৱা ১১ বজালৈ কোন দলে পালে কিমান ৱাৰ্ড? পুৱা ১১ বজালৈ বিজেপিয়ে ১৬টা, আম আদমি পাৰ্টীয়ে এটা আৰু এজেপি দলে দখল কৰিছে এটা ৱাৰ্ড।

১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান আলী বক্সিৰ জয়।
৩১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিঙৰ জয়।
১১নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়।

৪১নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱাৰাৰ জয়।
২১নং ৱাৰ্ডত বিজেপিৰ সন্দীপ দেৱৰ জয়।

৩২নং ৱাৰ্ডত বিজেপিৰ নিলম জ্যোতি ভূঞাৰ জয়।

২৩নং ৱাৰ্ডত বিজেপিৰ মঞ্জিতা দৈমাৰীৰ জয়।

৪২নং ৱাৰ্ডত আম আদমি পাৰ্টীৰ মাছুমাৰ জয়লাভ।

১২নং ৱাৰ্ডত অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়।

৩৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থী জয় মিৰা দাস চহৰীয়াৰ জয়।

৪নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

৬নং ৱাৰ্ডত বিজেপিৰ সুতাপা সৰকাৰৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ স্মৃতা ৰয়ৰ।

২নং ৱাৰ্ডত বিজেপিৰ মুকুল কলিতাৰ জয়লাভ।

৩নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়।

৫২নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ।