মাতৃ-পুত্ৰ নামিছে চুৰি কাৰ্যত! হোজাইত মন্দিৰত লুটপাত চলাই ৰঙাঘৰত মাতৃ-পুত্ৰসহ চাৰি চোৰ


 মন্দিৰ নামঘৰত সোমাইছে চোৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বৃদ্ধি পাইছে নামঘৰ মন্দিৰত চুৰি কাৰ্য। পিছে এই চুৰি কাণ্ডত নামিছে এইবাৰ মহিলাও। কিছুদিন পূৰ্বে হোজাইত সংঘটিত হোৱা চুৰি কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই আটক কৰে মহিলাসহ চাৰিটা চোৰ।

হোজাইৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰা চোৰকেইটা হৈছে ৰাজু দাস,মাতৃ বিভা দাস, বাপটো সৰকাৰ আৰু জেৰিফ খান। ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে  চুৰি হোৱা মন্দিৰৰ বাচন বৰ্তন, ঘণ্টি আৰু সোণ-ৰূপ।

উল্লেখযোগ্য যে, প্ৰায় ১০ দিন পূৰ্বে হোজাইৰ কৃষ্ণনগৰ অঞ্চলৰ দুটা মন্দিৰত চোৰে লুটপাত চলাই লুটিছিল মন্দিৰৰ সা সামগ্ৰী। আৰু তাৰ পিছতে আৰক্ষীয়ে চোৰৰ সন্ধানত তীব্ৰতৰ কৰিছিল অভিযান। আৰু অৱশেষত মহিলাসহ আৰক্ষীয়ে আটক কৰে চাৰিটাকৈ চোৰক।

Post a Comment

0 Comments