মিত্ৰজোটৰ প্ৰাৰ্থীৰ সপক্ষে বাইক চলাই প্ৰচাৰ চলালে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ...

 


২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনৰ প্ৰচাৰৰ সময় সমাপ্ত হব বুধবাৰে বিয়লি। তাৰ প্ৰাকমুহুৰ্তত মঙলবাৰে মহানগৰীৰ কেইবাটাও ৱাৰ্ডত মিত্ৰজোটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ অভিযান চলালে জলসম্পদ মন্ত্ৰী পীয়ুষ  হাজৰিকাই।

মঙলবাৰে পুৱা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ১ নং ৱাৰ্ডৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ হৈ এক বৃহৎ বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ  হাজৰিকাই। এই বাইক ৰেলীৰ মাজতে ৱাৰ্ডৰ স্থানীয় ৰাইজৰ মৰম আৰু বিপুল সমৰ্থন পাই উৎফুল্লিত হৈ পৰে মন্ত্ৰী গৰাকী। "মঙলবাৰৰ বাইক ৰেলীৰ সময়ত ৱাৰ্ড বাসীৰ পৰা পোৱা মৰম স্নেহে আমাক প্ৰতিপন্ন কৰে যে এক নং ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত" কলে মন্ত্ৰী পীয়ুষ  হাজৰিকাই। মঙলবাৰৰ বাইক ৰেলীত মন্ত্ৰী গৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু নেতা বদিউজ জামানৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ বহু সংখ্যক কাৰ্যকৰ্তাই।

Post a Comment

0 Comments