গুৱাহাটীবাসীয়ে পাব ২৪ ঘণ্টাই পানী, বিদ্যুৎ বিল, ভূমিৰ নামজাৰিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য


 গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ BJPয়ে আজি উন্মোচন কৰে নিৰ্বাচনী সংকল্প পত্ৰ। এই কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে আন কেইবাগৰাকীও কাৰ্যকৰ্তা। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচনী সভাৰ পৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) উল্লেখ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰখনৰ শ্ৰীবৃদ্ধি কৰাটোৱেই বিজেপিৰ সংকল্প। ভূমিৰ অধিকাৰৰ পৰা বঞ্চিতসকলক দ্বিতীয় বসুন্ধৰাৰ যোগেদি ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰি তেওঁ পাহাৰ, দেৱোত্তৰ বোৰ্ড, চৰকাৰী ভূমি, গোশালা আদিত বাস কৰাসকলক ভূমিৰ অধিকাৰ দিয়াৰ হ'ব বুলি উল্লেখ কৰে। তেওঁ কয়-  ''গুৱাহাটীৰ ৰাইজে বসুন্ধৰা-২ প্ৰকল্পৰ জৰিয়তে ইমানদিনে বাস কৰি অহা ভূমিৰ আইনীস্বত্ব নিজৰ কৰি ল'ব পাৰিব৷''

আনহাতে,  তেওঁ কয় যে ১০ মে'ৰ পৰা গুৱাহাটীত যি ভূমি কিনা হ'ব, তাৰ নামজাৰি এদিনতে হ'ব, ইয়াৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাব নালাগে, ছফ্টৱেৰতে সকলো কাম হৈ যাব। ইয়াৰ লগতে তেওঁ কয় যে গুৱাহাটীবাসীক ২৪ ঘণ্টাই পানী প্ৰদান কৰাটো বিজেপিৰ সংকল্প। ইতিমধ্যে এনে প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথত। জুন মাহৰ পৰা জাইকা প্ৰকল্পৰ কাম কাৰ্যক্ষম হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়- ''জুনৰ পৰা প্ৰতি মাহে ৫ হাজাৰৰ পৰা ৮ হাজাৰ গৃহলৈ পানী যোগানৰ সংযোগ প্ৰদানৰ বাবে জাইকা প্ৰস্তুত হৈছে৷''
 

Post a Comment

0 Comments