BJPৰ মিছন GMC, কোন মন্ত্ৰীক দিয়া হৈছে কোন কোন ৱাৰ্ডৰ দায়িত্ব ?

 


গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন এতিয়া এক মিছনত পৰিণত হৈছে গেৰুৱা দল বিজেপিৰ বাবে ৷ আহৰি নোহোৱা হৈছে মন্ত্ৰী, বিধায়ক সকলোৰে ৷ ৮গৰাকী মন্ত্ৰীক দিছে মুখ্যমন্ত্ৰী তথা দলে বিশেষ দায়িত্ব ৷ কাক, ক'ত, দায়িত্ব দিয়া হৈছে চাওক আমাৰ এই প্ৰতিবেদনত ৷

শক্তিশালী ৰণকৌশলৰে তিনিটা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাৰ পিছত বাকী থকা ৫৭টা সমষ্টিত হ'ব লগীয়া নিৰ্বাচনত জয়ৰ বাবে নামি পৰিছে মিত্ৰজোঁটৰ ৰথী-মহাৰথী ৷ ইতিমধ্যে দল আৰু চৰকাৰে নিৰ্বাচনী পথাৰত প্ৰচাৰৰ বাবে নমাইছে ৭গৰাকী বিজেপি মন্ত্ৰীক আৰু এগৰাকী অগপ মন্ত্ৰীক ৷ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক পশ্চিম গুৱাহাটী আৰু জালুকবাৰী মণ্ডলৰ ১,২,৯,১০,৩,৪,৭ আৰু ৮নম্বৰ ৱাৰ্ডৰ দায়িত্ব দলৰ ৷ এই ৮টা ৱাৰ্ড তদাৰক কৰাত বিজেপি সাংসদ পল্লৱ লোচন দাস থাকিব মন্ত্ৰী গৰাকীৰ লগত ৷ মন্ত্ৰী অশোক সিংঘলক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাৰ সৈতে দায়িত্ব অৰ্পন কৰা হৈছে চাৰিটা মণ্ডলৰ ৯টাকৈ গুৰুত্বপূৰ্ণ ৱাৰ্ড ক্ৰমে, ১৪,১৫,১৯,২০,২১,১৬,১৭,১৮আৰু ৪৮ ৷ মন্ত্ৰী বিমল বৰাক পুলক গোঁহাইৰ সৈতে পশ্চিম গুৱাহাটী,ৰাজধানী, পূব গুৱাহাটী আৰু ৰাজধানী মণ্ডলৰ দায়িত্ব দিছে দলে ৷ য'ত আছে গুৰুত্বপূৰ্ণ  ১১,১২,১৩,৪১,৪৯ আৰু ৫০নম্বৰ ৱাৰ্ড ৷ দক্ষিণ গুৱাহাটী,ৰাজধানী আৰু গুৱাহাটী কেন্দ্ৰীয় মণ্ডলৰ ২৩,২৪,২৫,২৬,২৭,২৯ আৰু ৬০নম্বৰ ৱাৰ্ডৰ দায়িত্বত মন্ত্ৰী ডা৹ ৰণোজ পেগু আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৷ অগপৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিজেপিৰ উপ সভানেত্ৰী বিজুলী কলিতা মেধিৰ দায়িত্বত   চাৰিটা মণ্ডলৰ গুৰুত্বপূৰ্ণ ২৮,৩৬,৩৭,৩৮,৫৬আৰু ৫৯ নম্বৰ ৱাৰ্ড ৷  মন্ত্ৰী পিযুষ হাজৰিকা আৰু জয়ন্ত কুমাৰ দাসক দিয়া হৈছে পূব গুৱাহাটী আৰু দিছপুৰ মণ্ডলৰ ৩২,৩৩,৩৪,৩৫,৫১,৫৩,৫৪,৫৫,৫৭আৰু ৫৮নম্বৰ ৱাৰ্ডৰ গুৰুত্বপূৰ্ণ দায়িত্ব ৷ পূব গুৱাহাটী আৰু ৰাজধানী মণ্ডলৰ  ৩৯,৪০,৪২,৪৩,৪৪,৪৫আৰু ৪৬নম্বৰ ৱাৰ্ডৰ দায়িত্বত মন্ত্ৰী যোগেন মহন আৰু প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে ৷ মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ তপন কুমাৰ গগৈক তিনিটা মণ্ডলৰ ৩০,৩১,৪৭আৰু ৫২নম্বৰ ৱাৰ্ডৰ দায়িত্ব ৷ মন্ত্ৰী ৰণজিৎ দাস দিল্লীত আজাদী কা অমৃত মহোৎসৱত ব্যস্ত থকাৰ বাবে মন্ত্ৰীগৰাকীক এতিয়ালৈকে দিয়া হোৱা নাই কোনো দায়িত্ব ৷ অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ মন্ত্ৰী ইউ জি ব্ৰহ্মকো অৱশ্যেই বিজেপিয়ে প্ৰদান কৰা নাই দায়িত্ব ৷ বিজেপিৰ এই আগ্ৰাসী নিৰ্বাচনী অংকৰ বিপৰীতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ এতিয়ালৈকে বহু যোজন দূৰত আছে ৷

Post a Comment

0 Comments