নিশা গহপুৰত শোকাৱহ ঘটনা! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত ৫গৰাকী যুৱক-যুৱতী

 


  • গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷

  • হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে পাঁচগৰাকী যুৱক-যুৱতীয়ে।

  • AS 25 DC 7418 নম্বৰৰ এখন বলেৰ' পিকআপ গাড়ীৰে হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷

  • দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতীসহ দুজন যুৱকৰ ৷ যুৱতী কেইগৰাকীৰ নাম ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো ৷

  • আনহাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা দুই যুৱকৰ নাম ত্ৰমে সঞ্জয় বসুমতাৰী আৰু  কলিমন বসুমতাৰী ৷

  • ঘটনাত গুৰুতৰ ভাবে আহত হৈছে বিহুদলটোৰ আন পাঁচগৰাকী সদস্য।

  • আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে।

  • ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ীখনৰ চালকে পলায়ন কৰিছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।

Post a Comment

0 Comments