প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা, কবি নীলমণি ফুকনক ১১ এপ্ৰিলত প্ৰদান কৰা হ’ব এই বঁটা

 


এই অনুষ্ঠানত বঁটা প্ৰাপক ফুকনে তেওঁৰ কবিতা ‘হংসধ্বনি শুনিছো’ পাঠ কৰাৰ কথা।

ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা। কবি নীলমণি ফুকনক অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ’ব এই বঁটা। এই অনুষ্ঠানত বঁটা প্ৰাপক ফুকনে তেওঁৰ কবিতা ‘হংসধ্বনি শুনিছো’ পাঠ কৰাৰ কথা। এই অনুষ্ঠানত কবিৰ হৈ কবিৰ পুত্ৰ অমিতাভ ফুকনে ১৫ মিনিটৰ ভাষণ প্ৰদান কৰিব। অনুষ্ঠানত উপস্থিত থাকিব জ্ঞানপীঠ কমিটীৰ সকলো সদস্য। উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পূৰ্বতে মামণি ৰয়ছম গোস্বামী আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দুয়োগৰাকীয়ে দিল্লীত এই বঁটা গ্ৰহণ কৰিছিল।

Post a Comment

0 Comments