মৰিগাঁৱত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী


 মৰিগাঁৱত পুনৰ আৰক্ষীৰ একাউণ্টাৰ। এইবাৰ ঘটনাৰ স্থান মৈৰাবাৰী। আৰক্ষীৰ গুলীত আহত হয় এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জেহিৰুল ইছলাম নাম বুলি জানিব পৰা গৈছে।

লাহৰিঘাটত আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক। ড্ৰাগছ সৰবৰাহৰ অভিযোগত যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলৰ লগতে আন দুজনক।

গ্ৰেপ্তাৰ পিছত নিশা নিজ গৃহত লুকাই থোৱা ড্ৰাগছ দেখুৱাবলৈ যাওঁতে পলায়নৰ চেষ্টা কৰিছিল জেহিৰুলে। আৰক্ষীয়ে ভৰিত গুলিয়াই ৰখাবলৈ চেষ্টা কৰাত গুলীবিদ্ধ হয় জেহিৰুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো।

উল্লেখযোগ্য যে পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কেইবাবাৰো জে’লত যাবলগীয়া হৈছিল ধৃত মৈৰাবাৰীৰ এই জেহিৰুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজন।

Post a Comment

0 Comments