ধুবুৰীত পুনৰ চলিল আৰক্ষীৰ গুলী, ধৰাসায়ী গো সৰবৰাহকাৰী


 ধুবুৰীত পুনৰ চলিল আৰক্ষীৰ গুলী। ৰাজ্যত এটাৰ পিছত আনটোকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামত গৰু সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত পুৱা সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ পৰা নয়াহাট অভিমুখে‌ AS-17-E-0837 নম্বৰৰ টাটা ইণ্ডিগো গাড়ী এখনেৰে চোৰাং গৰু আৰু ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰিছিল বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ।  সাপটগ্ৰাম আৰক্ষী আৰু নয়াহাট আৰক্ষীয়ে গাড়ীখন বিচাৰি যৌথ অভিযান চলাই ভেলাকোৱাত এম্বুছ লগায় ।

নয়াহাট আৰু সাপটগ্ৰাম আৰক্ষীৰ সীমান্তবৰ্তী অঞ্চল ভেৰভেৰিত নয়াহাট আৰক্ষীয়ে গাড়ীখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও গাড়ীখন নৰখাই ওলোটাই প্ৰথমে নয়াহাট আৰক্ষীৰ বাহনত খুন্দা মাৰে তাৰ পিছতেই আৰক্ষী লৈ লক্ষ্য কৰি গুলীচালনা কৰে গৰু সৰবৰাহকাৰীৰ দলটোৱে। আৰক্ষীয়ে গাড়ীখনক খেদি গৈ উপায়ন্তৰ হৈ গৰু সৰবৰাহকাৰী লৈ লক্ষ্য কৰি গুলীচালনা কৰে। উক্ত ঘটনাত ছানোৱাৰ আলী আৰু নাছিৰ উদ্দিন নামৰ দুজন গো সৰবৰাহকাৰীৰ শৰীৰত গুলী লাগে।

Post a Comment

0 Comments