''শ্ৰীগুৰুচৰণ" ধ্বনিৰে মুখৰিত লুইতৰ পাৰ, ১০ হাজাৰ ভক্তৰ সৈতে হনুমান চালিচা পাঠ কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে


 প্ৰথমবাৰৰ বাবে লুইতৰ পাৰত ১ লাখ ১০ হাজাৰবাৰ হনুমান চালিচা পাঠ ৷ হনুমান চালিচাৰ সমান্তৰালকৈ ১০ হাজাৰ ভক্তৰ বাজিল ভোৰতাল ৷ এটা দিনৰ বাবে ভক্তিৰ মঙ্গলধ্বনিত বিলীন হ'ল উত্তৰ গুৱাহাটী (North Guwahati) ৷

দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ লুইতৰ মধ্যম খণ্ডত অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰী হনুমান জয়ন্তী ৷ দুদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ৷ সামৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে'কে ধৰি বহু আগশাৰীৰ বিজেপি নেতা-কৰ্মী ৷

প্ৰথমবাৰৰ বাবে বিশাল আৰু বৰ্ণাঢ্যভাৱে অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটীত এই কাৰ্সূযচী, য'ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১০ হাজাৰৰো অধিক ভক্তৰ সমাগম ঘটে ৷ সমৱেত এগৰাকী ভক্তই পাঠ কৰে মুঠ ১১বাৰ কৈ হনুমান চালিচা ৷

এনে ভক্তৰ ৰূপত উপস্থিত থাকে ৰাজ্যৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে' (Biplab Dey) ৷ সেয়ে দুই মুখ্যমন্ত্ৰীয়ে আন ভক্তৰ স'তে একেলগে ১১বাৰকৈ পাঠ কৰে হনুমান চালিচা ৷ হনুমান চালিচা (hanuman chalisa) পাঠ কৰি মুখ্যমন্ত্ৰীয়ে কয়- দেশ আৰু বিশ্বৰ প্ৰতিগৰাকী লোকৰ সুখ-শান্তি অটুট থাকক ৷ হনুমন্তৰ শ্ৰীচৰণত এয়া প্ৰাৰ্থনা ৷ উল্লেখ্য যে শেহতীয়া দুটা দিন অনুষ্ঠান উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাহাজাৰ লোকৰ সমাগম ঘটিছিল।

Post a Comment

0 Comments