এইবাৰ বঙাইগাঁৱত জেহাদী গ্ৰেপ্তাৰ, জেহাদীৰ প্ৰশিক্ষণ শিবিৰ স্থাপনৰ লগতে পোহৰলৈ বহু বিস্ফোৰক তথ্য


 বঙাইগাঁৱত জেহাদী গ্ৰেপ্তাৰ৷ ধৃত জেহাদীজনৰ নাম তিনি নং ভাণ্ডাৰাৰ চায়েদ আহমেদ বুলি জানিব পৰা গৈছে ৷ ত্ৰিপুৰাৰ ইমৰাণ হুছেইন নামৰ দুৰ্ধৰ্ষ জেহাদীয়ে থিতাপি লৈছিল চায়েদ আহমেদৰ ঘৰত ৷ লোকজনৰ ঘৰত বাহৰ পাতি বঙাইগাঁও আৰু বৰপেটা জিলাৰ বিভিন্ন স্থানত শ্লিপাৰ ছেল স্থাপনৰ চেষ্টা চলাইছিল ৷

আনহাতে, যোগীঘোপাত হামিদুল ইছলাম নামৰ লোক এজনৰ গেৰেজত আৰক্ষীৰ তালাচীৰ সময়ত উদ্ধাৰ হৈছে বহু আপত্তিজনক তথ্য৷ গেৰেজৰ পৰা সাতটাকৈ বেংক একাউন্ট, জেহাদ সম্পৰ্কীয় কিতাপকে ধৰি বিভিন্ন নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি পলাতক হামিদুল ইছলাম ৷ হাউলীৰ ধাকলিয়াপাৰাত জেহাদীৰ প্ৰশিক্ষণ শিবিৰ স্থাপনৰ তথ্য লাভ ৷ দুটাকৈ বেটচক প্ৰশিক্ষক দিয়া হৈছিল এই শিবিৰত ৷ যোৱা ৮ এপ্ৰিলত ত্ৰিপুৰাত গ্ৰেপ্তাৰ হৈছিল তিনি জেহাদী ৷ পৰৱৰ্তী সময়ত বঙাইগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ইমৰাণ হুছেইন, আব্দুল কাচেম আৰু হামিদ আলী (Jihadi arrested in Bongaigaon) ৷

বঙাইগাঁও আৰক্ষীৰ জেৰাকালত পোহৰলৈ আহিছে বঙাইগাঁও আৰু বৰপেটাত জেদাহীৰ ঘাটি স্থাপনৰ তথ্য ৷ ইমৰাণ হুছেইনে বঙাইগাঁৱলৈ আহি সংগঠন বিস্তাৰৰ বাবে কাম-কাজ চলাইছিল ৷ আজি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মেলৰ আয়োজন কৰি  জানিবলৈ দিছে এই কথা ৷

অসম আৰক্ষীৰ লগতে নিয়াৰ দলে ধৃত চায়েদ আহমেদক অধিক তথ্যৰ বাবে জেৰা চলাব বুলিও তেওঁ জানিবলৈ দিছে ৷ কেউজনে অল কায়দাৰে সম্পৰ্ক থকা আনচাৰুল বাংলা টীমৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

Post a Comment

0 Comments