'জুবিন গাৰ্গে কাৰো বিৰুদ্ধে নকয়, অসমীয়া চিনেমা আদৰি লোৱাটোহে বিচাৰিছে'- চান্দা তোলাৰ সন্দৰ্ভতো মন্তব্য প্ৰিয়ংকা ভৰালীৰ


 'দক্ষিণৰ চিনেমা চাব নালাগে বুলি জুবিন গাৰ্গে কোৱা নাই। জুবিন দাই অসমীয়া চিনেমাক আদৰি লোৱাটো বিচিৰছে। চাউথৰ চিনেমা চাব নালাগে বুলি বেলেগ মনোভাৱত কোৱা নাই। জুবিন গাৰ্গে তেনেদৰে কাৰো বিৰুদ্ধে কথা নকয়। তেওঁ এজন শিল্পী। জুবিন দাৰ কথাৰ অৰ্থ সেইটো নহয় যে, দক্ষিণ বা বলীউদৰ চিনেমা চাব নালাগে। অসমীয়া ছবি আমি অসমীয়া হৈ যদি নাচাও তেনেকৈ হ'ব, তেওঁ সেইটোৱে কব বিচাৰিছে। তেওঁৰ কথাৰ অৰ্থ মই জনাত সেইটোহে।'- শেহতীয়াকৈ বিতৰ্কৰ সূচনা হোৱা জুবিন গাৰ্গৰ বিশেষ মন্তব্যৰ সন্দৰ্ভত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।

ইফালে চান্দাৰ সন্দৰ্ভতো মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে। প্ৰিয়ংকাই কয় যে, 'ৰাজহুৱা অনুষ্ঠান পাতিবলৈ ৰাইজৰ সহায়-সহযোগিতা লাগিবই। দান-বৰঙণি আৰু জোৰ জবৰদস্তি চান্দা তোলা দুয়োটা পৃথক। চৰকাৰে কৈছে যে, জোৰ-জবৰদস্তি চান্দা তোলা অনুচিত। আমিও তাক সমৰ্থন কৰো।'

উল্লেখ্য যে, শেহতীয়াকৈ জুবিন গাৰ্গে দক্ষিণৰ ছবিৰ ওপৰত এক বিতৰ্কিত মন্তব্য কৰিছিল। লগতে দক্ষিণৰ চিনেমা নাচাবলৈ অনুৰোধ জনাইছিল সকলোকে। জুবিন গাৰ্গে কৈছিল যে, 'ফটোৱা চাউথ ইণ্ডিয়ান চিনেমা নাচাব, সেইবোৰ চোৱাতকৈ অসমীয়া চিনমা চাব। সিঁহতত ধনী কৰি লাভ নাই। আমাৰ মানুহক ধনী কৰিব লাগিব। আমি সকলোৱে অসমীয়া ছবিক আগুৱাই নিব লাগিব। সিঁহৰ চিনেমা এনেই। মানুহ দলিমাৰি দিয়ে, মটৰ চাইকেল দাঙি দিয়ে। আৰু আমি বুৰ্বক নিচিনাকৈ চাই থাকো। আমি গৰু নহয়, আমি বাঘ। মোক আপোনালোকে চিনেমা চাব বুলি গেৰাণ্টী দিয়ক, মই গেৰাণ্টীৰে সৈতে কৈছো ভাল চিনেমা উপহাৰ দিম।'

Post a Comment

0 Comments