এইবাৰ মহানগৰীৰ জ্যোতিষীৰ বাসগৃহত যুৱতীৰ মৃতদেহ উদ্ধাৰ

 


মহানগৰীৰ জ্যোতিষীৰ বাসগৃহত  যুৱতীৰ মৃতদেহ উদ্ধাৰ। গুৱাহাটীৰ লাষ্টগেটত সংঘটিত হৈছে এই ঘটনা। নীলা মাধৱ শইকীয়া নামৰ এষ্ট্ৰোলজাৰজনৰ বাসগৃহত আছিল যুৱতীগৰাকী।যুৱতীগৰাকীৰ নাম পম্পী ঘোষ বুলি জানিব পৰা গৈছে।

প্ৰেমিক ৰূপী জ্যোতিষীগৰাকীয়ে হত্যা কৰাৰ অভিযোগ কৰিছে যুবতীগৰাকীৰ পৰিয়ালৰ লোকে। জ্যোতিষীগৰাকীৰ মতে চিপ লৈ আত্মহত্যা কৰিছে যুৱতীগৰাকীয়ে।

উল্লেখ্য, যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰত। জ্যোতিষীগৰাকীৰ সৈতে বিগত ৩ বছৰ ধৰি কৰ্মৰত আছিল যুৱতীগৰাকী। জ্যোতিষী নীলা মাধৱক ইতিমধ্যে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। মৃত যুৱতীগৰাকীক নীলমাধৱে নিজ হাতে থানালৈ লৈ গৈছিল। আৰক্ষীৰ সঠিক তদন্তৰ পিছত আচল ৰহস্য ওলাই পৰাৰ আশা কৰা হৈছে।

Post a Comment

0 Comments