কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই, ছোনিয়ালৈ লিখিলে পদত্যাগ পত্ৰ

 


কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই। আজি বৰাই কংগ্ৰেছ ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি পদত্যাগৰ কথা ঘোষণা কৰে।

বৰাই পত্ৰখনত উল্লেখ কৰে যে ১৯৭৬ চনৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল।আজি পদত্যাগ কৰি মনত দুখ অনুভৱ কৰা বুলিও প্ৰকাশ কৰে

পদত্যাগ পত্ৰখনত বৰাই লগতে উল্লেখ কৰে যে গভীৰ দুখসহ তেওঁ ছাত্ৰাৱস্থাৰ পৰা জড়িত থকা জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। বিজেপিক সাম্প্ৰদায়িকতাবাদী বুলি আখ্যা দি তথা দেশৰ গণতন্ত্ৰ আৰু অৰ্থনীতিৰ বাবে বিপজ্জনক বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ উত্থানত কংগ্ৰেছে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বিপৰীতে নিজৰ মাজতে সংঘাতত লিপ্ত হৈছে। যাৰ বাবে বিজেপিৰ পথ প্ৰশস্ত হৈছে।

Post a Comment

0 Comments