ৰাহুল–প্ৰিয়ংকা নহয়, কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবে ‘আন নাম’ প্ৰস্তাৱ কৰিছিল পিকেই!

 


কংগ্ৰেছৰ পুনৰজীৱন কংগ্ৰেছে নিজেই কৰিব পাৰিব, তাৰ বাবে প্ৰশান্ত কিশোৰক দৰকাৰ নাই বুলি মন্তব্য কৰিলে প্ৰশান্ত কিশোৰে নিজেই। বৃহস্পতিবাৰে এটা টিভি চেনেলত প্ৰশান্ত কিশোৰে কয়, কংগ্ৰেছৰ ভৱিষ্যৎ লৈ দলীয় নেতৃত্বৰ সৈতে তেওঁৰ আলোচনা হৈছে। বহু বিষয়ত ঐক্যমতো হৈছে। কিন্তু কংগ্ৰেছত বহু ডাঙৰ ডাঙৰ নেতা আছে। দলক শক্তিশালী কৰাৰ কাম তেওঁলোকেই কৰিব পাৰিব।

সম্প্ৰতি প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি শুনা গৈছিল। কংগ্ৰেছৰ ফালৰ পৰা তেওঁক দললৈ অহাৰ যি প্ৰস্তাৱ দিয়া হৈছিল, সেই কথা অস্বীকাৰ কৰা নাই প্ৰশান্ত কিশোৰেও। কিন্তু সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই।

ইতিমধ্যে তেলেংগানাত কেচিআৰৰ সৈতে তেওঁৰ এক বৈঠক হৈছে। কেচিআৰ–প্ৰশান্তৰ ঘনিষ্ঠতা কংগ্ৰেছত যোগদানৰ পথত বাধা হৈ পৰিছে নেকি, সেই চৰ্চা চলিছে। প্ৰশান্ত কিশোৰৰ মন্তব্যই কংগ্ৰেছ নেতৃত্ব প্ৰসংগত অধিক বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। নেতৃত্বৰ সংকট আৰু অন্তৰ্কন্দলত জৰ্জৰিত দলটোৱে নিজেই থিয় হ’বলৈ সক্ষম বুলি মন্তব্য কৰি প্ৰশান্ত কিশোৰে আছলতে নিমখ ছটিয়াইছে নেকি সেই প্ৰশ্নও উঠিব। ৰাহুল গান্ধীৰ সলনি প্ৰিয়ংকাক নেতৃত্বত বিচাৰিছিল প্ৰশান্তই, এই গুজব উঠিছিল। কিন্তু প্ৰশান্তই দাবী কৰে, ৰাহুল–প্ৰিয়ংকা নহয়, তেওঁ আন নাম কৈছিল। আৰু সেয়া তেওঁ উহ্য ৰাখিব বিচাৰে।

Post a Comment

0 Comments