ৰঙালী বিহু সেমেকাব বতৰে! উৰুকাৰ দিনটোৰ পৰা অহা দেওবাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী

 


আজি হেঁপাহৰ ৰঙালী বিহুৰ উৰুকা। হেঁপাহৰ বিহুটিক আদৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰতিগৰাকী অসমীয়াই। পিছে আজি উৰুকাৰ দিনটোৰ পৰাই ৰাজ্যজুৰি আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ।

অহা দেওবাৰ পৰ্যন্ত বৰতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই। বিশেষকৈ অহা শুকুৰবাৰে ধুমুহা আহিব পাৰে বুলিও সাৱধানবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই দিন কেইটাত ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰাও। সৰ্বোচ্চ ২৬ ডিগ্ৰী হোৱাৰ পৰিৱৰ্তে সৰ্বনিম্ন ১৯ৰ পৰা ২১ ডিগ্ৰীলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা।

কেইদিনমান পূৰ্বেই উৰুকাৰ দিনটোৰ পৰা ৰাজ্যজুৰি বৰষুণ হোৱাৰ আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে প্ৰান্তে প্ৰান্তে বতাহ-বৰষুণ হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছিল।

Post a Comment

0 Comments