পুনৰ ইছলামিক সন্ত্ৰাসবাদীৰ টাৰ্গেটত অসম, চহৰে-নগৰে, চাপৰিয়ে চাপৰিয়ে চলাইছে অভিযান

 


কিছু বছৰৰ বিৰতিৰ মূৰে মূৰে অসমত মূৰ তুলিবলৈ চেষ্টা কৰি অহা ইছলামিক সন্ত্ৰাসবাদে পুনৰ নতুন ৰূপত ঠন ধৰি উঠিবলৈ অতি গোপনে চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে বিশ্ব ত্ৰাস আল কায়দাৰ ইণ্ডিয়ান ছাব কনটিনেণ্ট চমুকৈ AQISৰ  ১৪জন সদস্যক অসম আৰক্ষীয়ে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়তে পোহৰলৈ আহিছে AQISৰ সহগোত্ৰীয় আনছাৰুল্লাহ বাংলা টীম আৰু Neo Jamat-Ul-Mujahiddinৰ মডিউল গঠনৰ অহৰহ প্ৰচেষ্টাৰ ভয়ংকৰ তথ্য ৷

আকৌ অসমত মূৰ তুলিছে ইছলামিক সন্ত্ৰাসবাদে ৷ বছৰ দিয়েকৰ অন্তত নতুন ৰূপত অসমত ইছলামিক সন্ত্ৰাসবাদ ৷ অসমত ইছলামিক সন্ত্ৰাসবাদে গা কৰি উঠিবলৈ গোপনে চেষ্টা চলোৱাৰ কথাটো নতুন নহয় ৷ ২০০০ চনৰ ৬ এপ্ৰিলত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসম বিধানসভাৰ মজিয়াত দিছিল এক বিবৃতি ৷ কেনেকৈ সেই সময়ত ইছলামিক সন্ত্ৰাসবাদ বিয়পাবলৈ পাকিস্তানী চোৰাংচোৱা সন্থা ISIয়ে অসমত চেষ্টা কৰিছিল; সেই সন্দৰ্ভত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দিছিল অসম বিধানসভাৰ মজিয়াত বিবৃতি ৷

Post a Comment

0 Comments