ৰঙালী বিহুত বিধি পথালি দিব বতৰে! উৰুকাৰ দিনাৰ পৰাই ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, হাই এলাৰ্ট জাৰি!

 


ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন। অহা বুধবাৰে উৰুকা। হেঁপাহৰ বিহুটিক আদৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰতিগৰাকী অসমীয়াই। পিছে এইবাৰ বিহুত বিধি পথালি দিব পাৰে বতৰে।

অহা বুধবাৰ অর্থাৎ উৰুকাৰ দিনটোৰ পৰাই ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে প্ৰান্তে প্ৰান্তে বতাহ-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

অহা বুধবাৰৰ পৰা একেবাৰে দেওবাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। এই দিন কেইটাত ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰাও। সৰ্বোচ্চ ২৬ ডিগ্ৰী হোৱাৰ পৰিৱৰ্তে সৰ্বনিম্ন ১৯ৰ পৰা ২১ ডিগ্ৰীলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। ইফালে আজি আৰু কাইলৈ দিনটোও প্ৰায় ডাৱৰীয়া হৈ থাকিব আকাশ।

Post a Comment

0 Comments