'আমি চিন্তিত'- যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, সমাজ আৰু অভিভাৱকক সতৰ্ক হোৱাৰ আহ্বান

 


শেহতীয়াকৈ ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে আলফা(স্বাধীন)ত যোগদান কৰিছে। যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱকৰ লগতে সচেতন মহল। ঘটনাৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'ৰাজ্যখনৰ যুৱক-যুৱতীসকলে আলফাত যোগদান কৰাকলৈ ৰাজ্য চৰকাৰ চিন্তিত। এই ক্ষেত্ৰত সমাজৰ লগতে অভিভাৱকসকলো সতৰ্ক হ'ব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয়, "আৱেগৰ দ্বাৰা পৰিচালিত হৈ যুৱক-যুৱতীৰ এটা অংশই সংগঠনটোৰ সৈতে জীৱনৰ এটা সময় অতিবাহিত কৰাৰ পিছত মূলসুঁতিলৈ ঘূৰি আহিবলৈ আলফাত যোগদান কৰে। মই যুৱক-যুৱতীসকলৰ আলফাত যোগদান কৰা তেওঁলোকৰ জীৱন নষ্ট কৰাৰ কোনো প্ৰকৃত কাৰণ বিচাৰি নাপাওঁ।''

'ই এক সঠিক পথ নহয় যদিও আমাৰ কিছুমান ল'ৰা আৰু ছোৱালীয়ে এটা মিছা সপোনৰ পিছে পিছে গৈছে আৰু জংঘললৈ যোৱা আৰু নিজৰ জীৱনৰ মূল্যৱান সময় অপচয় কৰাটো উচিত নহয়। আমি তেওঁলোকৰ বাবে সঁচাকৈয়ে চিন্তিত। আমি যোগাযোগত আছো।'-এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, 'সমাজ আৰু অভিভাৱক সকলে বুজি পাব লাগিব। লগতে বিষয়টো অনুধাৱন কৰিব পাৰিব লাগিব। অপৰাধজনিত কাৰ্য সংঘটিত নোহোৱা পৰ্যন্ত আৰক্ষীৰ কৰিবলগীয়া একো নাথাকে।'

Post a Comment

0 Comments