বাক্সাত দুই এন এল এ‍ফ বি কেডাৰক আটক, নতুন সংগঠন খোলাৰ কৰিছিল পৰিকল্পনা

 


বাক্সাত কৰায়ত্ব দুই এন এল এফ বি সদস্য৷ মুছলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এন এল এফ বিৰ দুয়োজন কেডাৰক৷ ওদালগুৰিৰ ডেজিগনেটেত শিৱিৰৰ পৰা পলাই আহি নতুন সংগঠন খোলাৰ যো- জা চলাই থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ দুয়োজনকে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এন এল এফ বি সদস্য দুজন ক্ৰমে চন্দন ৰামচিয়াৰী আৰু সমৰ ৰামচিয়াৰী৷

প্ৰাপ্ত তথ্য অনুসৰি, দুয়োগৰাকী এন এল এফ বি কেডাৰে কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰি ওদালগুৰিস্থিত সংগঠনটোৰ ডেজিগনেটেড শিবিৰত আশ্ৰয় লৈ আছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী সদস্যই সেই স্থানৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰিছিল।

ইফালে আৰক্ষীয়ে দুয়োগৰাকী সদস্যই এক নতুন সংগঠন জন্ম দিয়াৰ খবৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিততে NLFBৰ দুই সদস্য ক্ৰমে সমৰ ৰামচিয়াৰী (২৮) আৰু চন্দন ৰামচিয়াৰী (২১)ক তেওঁলোকৰ নিজ বাসগৃহ ক্ৰমে নতুন শ্ৰীপুৰ আৰু দ্বাৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালে জানিব দিয়া অনুসৰি, ডেজিগনেটেড শিৱিৰৰ পৰা পলাই আহি নতুন সংগঠন খোলাৰ যো-জা চলাইছিল দুয়ো৷ এই খবৰ আৰক্ষী লাভ কৰাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি দুয়োজন এন এল এফ বি সদস্যকে গ্ৰেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে মুছলপুৰ আৰক্ষী থানাৰ এক গোচৰমৰ্মে দুয়োগৰাকী সদস্যকে গ্ৰেপ্তাৰ কৰি আজি জিলা দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰাত আদালতে  ইতিমধ্যে দুয়োজনকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

Post a Comment

0 Comments