মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অধ্যাপিকাৰ, স্থায়ী নিযুক্তিৰ বিনিময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰস্তাৱ!

 


নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিছে মহাবিদ্যালয়খনৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই। অধ্যাপিকাগৰাকীয়ে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 354(A)/376/511ৰ অধীনত ৪৩০/২২ নম্বৰত এটা গোচৰ ৰুজু হৈছে।

অধ্যাপিকাগৰাকীয়ে এজাহাৰত অভিযোগ কৰা অনুসৰি অধ্যক্ষগৰাকীয়ে তেওঁক চাকৰি নিয়মীয়াকৰণ কৰাৰ বদলি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। অধ্যক্ষগৰাকীৰ এই প্ৰস্তাৱক নাকচ কৰাৰ বাবেই তেওঁক মহাবিদ্যালয়খনত স্থায়ী নিযুক্তি প্ৰদান কৰা ন'হল। বিগত ১৮ মাহ ধৰি অধ্যক্ষগৰাকীয়ে তেওঁক এইদৰে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰো অভিযোগ তুলিছে অধ্যাপিকাগৰাকীয়ে। উল্লেখযোগ্য যে, শনিবাৰে মহাবিদ্যালয়খনত উদ্ভিদ বিজ্ঞানৰ অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল আৰু এইসমূহকাৰণতে  স্থায়ী নিযুক্তি লাভ নকৰাৰো অভিযোগ তুলিছে অভিযোগকাৰী অধ্যাপিকাগৰাকীয়ে।

Post a Comment

0 Comments