ৰঙালীৰ ৰঙত মতলীয়া অসমীয়া! আজি মানুহৰ বিহু, উজনিৰ পৰা নামনিলৈ উচাহৰ ঢল


 হেঁপাহৰ ৰঙালী বিহুক এইবাৰ অতি উচাহৰ মাজেৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই। কোভিড পৰিস্থিতিৰ বাবে প্ৰায় দুটা বছৰৰ পিছত এইবাৰ অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ঠায়ে ঠায়ে বতৰে কিছু বিধি পথালি দিছে যদিও ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া।

আজি ব'হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব'হাগত মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহু দিনা কণিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে। আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।

Post a Comment

0 Comments