'লাও যিমানেই ডাঙৰ নহওক কিয় সদায় পাতৰ তল', মন্ত্ৰী-বিধায়কক এই নীতিজ্ঞান কিয় দিলে মুখ্যমন্ত্ৰীয়ে


 ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই একেৰাহে তিনিদিন ধৰি গুৱাহাটীত চলালে পৌৰ নিগম নিৰ্বাচন (GMC Election)ৰ প্ৰচাৰ অভিযান। আজি নিজৰ প্ৰচাৰ অভিযানৰ শেষৰ দিনা নিজ সম্ষ্টি জালুকবাৰী (Jalukbari)ৰ কেইবাটাও ৱাৰ্ডৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পৰ্চাৰ চলায় মুখ্যমন্ত্ৰীয়ে। মালিগাঁৱত এক প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে লাও যেনেকৈ সদায় পাতৰ তলত থাকে, তেনেকৈ মন্ত্ৰী-বিধায়কসকলো ৰাইজৰ তলত থাকিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয়, "যেনেকৈ লাও সদায় পাতৰ তলত থাকে, তেনেকৈ মন্ত্ৰী-বিধায়কসকলো ৰাইজত তলত থাকিব লাগিব, ওপৰত নহয়। যিয়ে ওপৰত যাব তাৰ গাদী নাইকিয়া হ;ব।"

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে পাণ্ডুত আত্মসহায়ক গোট গঠন কৰি দিয়া হ'ব, যাতে আত্মনির্ভৰশীল হ'ব পাৰে। লগতে অৰুণোদয় আঁচনিৰ অধীনত ৬টা ৱাৰ্ডত নতুনকৈ আৰু ৬ হাজাৰ মহিলাক যোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আগতে ৫৫০০ মহিলা আছিল এতিয়া মুঠ ১১৫০০ গৰাকী হ'ব।

অহা এবছৰৰ ভিতৰত পাণ্ডু ফ্লাইঅভাৰৰ কাম সম্পন্ন হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

Post a Comment

0 Comments