ৰাজ্যজুৰি বতৰৰ উগ্ৰৰূপ! প্ৰান্তে প্ৰান্তে ধুমুহাৰ তাণ্ডৱ, ২০ জন লোকে সাৱটিলে মৃত্যু

 


এইবাৰ ব'হাগ বিহুত বতৰে দেখুৱালে উগ্ৰৰূপ। মাৰ্চৰ শেষৰ ফালৰ পৰা এপ্ৰিলৰ মাজভাগলৈকে ধাৰাসাৰ বৰষুণ আৰু বতাৰ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে বিভিন্ন অঞ্চল। মাৰ্চৰ শেষৰ ফালৰ পৰা ৰাজ্যজুৰি তীব্ৰ ধুমুহা আৰু বজ্ৰপাতৰ ফলত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জিডি ত্ৰিপাঠীয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি, যোৱা তিনি দিনত (অৰ্থাৎ ১৪ এপ্ৰিল, ২০২২ ৰ পৰা) ২২ খন জিলাৰ ৪০টা ৰাজহ চক্ৰৰ ১,৪১০ খন গাঁৱৰ লোক ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

Post a Comment

0 Comments