গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ঘটনা, অট্টালিকাৰ ছাঁদৰ পৰা সৰি পৰিল বনকৰা কিশোৰী অভিযোগ অনুসৰি, প্ৰায়ে মালিকনী বনশ্ৰী সৰকাৰে কিশোৰীগৰাকীৰ ওপৰত চলাইছিল অত্যাচাৰ।

 


গুৱাহাটীৰ বেলতলাৰ জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ ছাঁদৰ পৰা তলত পৰিল বনকৰা কিশোৰী। তিনি মহলাৰ পৰা সৰি পৰিল বনকৰা কিশোৰীগৰাকী। ফলত গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকী। সংকটজনক অৱস্থাত কিশোৰীগৰাকী বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে। ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অট্টালিকাটোৰ গৰাকী বনশ্ৰী সৰকাৰে গতিয়াই দিয়াৰ ফলতে তলত পৰা বুলি অভিযোগ কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকীৰ পাঁচডাল কামিহাড় ভাগিছে বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত কিশোৰীগৰাকীক এজাইল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

অভিযোগ অনুসৰি, প্ৰায়ে মালিকনী বনশ্ৰী সৰকাৰে কিশোৰীগৰাকীৰ ওপৰত চলাইছিল অত্যাচাৰ। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বনশ্ৰীক। কিছুদিন পূৰ্বেও ঘৰলৈ যাব বিচৰা বাবে বনকৰা কিশোৰীগৰাকীক নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে বনশ্ৰীৰ বিৰুদ্ধে।

Post a Comment

0 Comments