স্বামী আৰু দুই সন্তানক এৰি আলফা(স্বাধীন)ত যোগদান কৰিবলৈ যোৱা মহিলাক অৱশেষত আটক কৰিলে সোণাৰি আৰক্ষীয়ে

 


স্বামী আৰু দুটাকৈ সন্তানক এৰি আলফাত ( স্বাধীন ) যোগদান কৰিবলৈ যোৱা এগৰাকী মহিলাক চৰাইদেউত সোণাৰি আৰক্ষীয়ে আটক কৰে। আৰু ঘটনাৰ সন্দৰ্ভত সবিশেষ জনাই চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, নগাঁও চহৰৰ হয়বৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত শৰাইঘাট চলচলিৰ কাৱৈমাৰি গাঁৱৰ দুই সন্তানৰ মাতৃয়ে আলফা স্বামীকত যোগদান কৰাৰ যো-জা চলাইছিল। আনকি চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্ত নামতোলাহৈ নগালেণ্ডত থকা আলফা(স্বাধীন)ৰ শিবিৰত  যোগদান কৰিবলৈও গৈছিল।

আৰু সেই মৰ্মে দিনৰ প্ৰায় ১১ বজাত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে বিশেষ অভিযান চলাই সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ পৰা মহিলা গৰাকীক আটক কৰে। মহিলাগৰাকীক সম্প্ৰতি সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments