২২ বছৰে বিধায়ক আৰু মন্ত্ৰী হৈ থাকিও গুৱাহাটীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই: ভূপেন বৰা


 বুধবাৰে সামৰণি পৰিব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সেয়ে মঙলবাৰৰ দিনটোত শাসক বিৰোধী নেতা প্ৰাৰ্থীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। নিৰ্বাচনৰ বাবে সমগ্ৰ মহানগৰীত এতিয়া বলিছে উষ্ণ বতাহ। ৱাৰ্ডে ৱাৰ্ডে শাসক বিৰোধী নেতা কৰ্মী প্ৰাৰ্থীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ অভিযান সামৰণি পৰাৰ প্ৰাকমুহুৰ্তত শাসক বিৰোধী নেতা প্ৰাৰ্থীয়ে ভাগ লৈছে ৰোডশ্বো আৰু নিৰ্বাচনী সভাত। পিছপৰি ৰোৱা নাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন ৱাৰ্ডত বিৰোধী দলটোৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে সন্ধিয়া আৰু মঙলবাৰে পুৱা দুটা বিশেষ ৰোডশ্বোত ভাগ লয় ভূপেন বৰাই। সোমবাৰে সৰু সজাইৰ পৰা গনেশগুৰিলৈ আৰু মঙলবাৰে বিৰুবাৰীৰ পৰা ৰূপনগৰহৈ ভঙাগড়লৈ ৰোডশ্বোত ভাগ লয় ভূপেন বৰাই।কেৱল ৰোডশ্বোত ভাগ লোৱাই নহয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট অভিযোগ হিমন্ত বিশ্ব শৰ্মাই ২২ বছৰে বিধায়ক মন্ত্ৰী হৈ মহানগৰীৰ সমস্যা সমাধান কৰিব পৰা নাই। অগপৰ অতুল বৰাই মুখ্যমন্ত্ৰী হোৱাৰ বাবে চলাই আছে কুচকাৱাজ। বিজেপি বিৰোধী সকলো দলৰ সমৰ্থনত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে অতুল বৰাই। অতুল বৰাই ইতিমধ্যে বিভিন্ন দলৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বুকুত কামোৰ মাৰিব অতুল বৰাই। ২০২৪ চনত মোদী গাদীচ্যুত হলেই বিপদ হব হিমন্ত বিশ্ব শৰ্মাৰ। এই বিস্ফোৰক মন্তব্য আগবঢ়াই ভূপেন বৰাই।ভূপেন বৰাৰ সৈতে ৰোডশ্বোত অংশ লয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে। মই কৰিম , মই দিম , মই মই বুলি মুখ্যমন্ত্ৰী কৰা মন্তব্যক উভতি ধৰে মীৰা বৰঠাকুৰে। ২৭ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী অনামিকা বড়ো স্বৰ্গীয়াৰী, ২৮ নং ৱাৰ্ডৰ জিতাঞ্জলী বৰা আৰু ২৯ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী চন্দামিতা দাসৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাই ভূপেন বৰাই। ভূপেন বৰাক সংগ দিয়ে বিধায়ক যাদৱ স্বৰ্গীয়াৰী, মহিলা কংগ্ৰেছৰ মুৰব্বী মীৰা বৰঠাকুৰ, অপূৰ্ব ভট্টাচাৰ্য্য, মনজিৎ মহন্ত, দিলিপ শৰ্মা প্ৰমুখ্যে নেতাই।

Post a Comment

0 Comments