আনন্দ মিশ্ৰৰ স্থানত কাক নিযুক্তি দিয়া হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে? অসম আৰক্ষীত ব্যাপক ৰদ-বদল


 ৰঙালী বিহুৰ পূৰ্বে অসম আৰক্ষীত ব্যাপক ৰদ-বদল কৰা হৈছে। আনন্দ মিশ্ৰৰ স্থানত নগাঁও আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক। শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাক যোৰহাটৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে শুভ্ৰজ্যোতি বৰাক। ১নং এপিবিএনৰ কামাণ্ডেণ্ট শ্ৰী যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নিযুক্তি দিয়া হৈছে শদিয়াৰ আৰক্ষী অধীক্ষক পদত। চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক গুৱাহাটী (পূৱ) আৰক্ষী উপায়ুক্ত পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৰাজমোহন ৰায়ক।

Post a Comment

0 Comments