মহানগৰীত পুনৰ ধন লুটৰ ঘটনা, এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ২ লাখ টকা


চিচিটিভিত বন্দী হৈছিল ধন লুটৰ এই সমগ্ৰ ঘটনা। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোকজনে।

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা। ৰুক্মিণীগাঁৱত এজন লোকৰ পৰা ২ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই। নম্বৰবিহীন বাইকত অহা চাৰি দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি। ঘনকান্ত দাস নামৰ হেঙৰাবাৰীৰ এজন লোকে SBI ৰুক্মিণীগাঁও শাখাৰ পৰা ২ লাখ টকা উলিয়াই আনোতেই কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।

৬ এপ্ৰিলৰ দুপৰীয়া সংঘটত হৈছিল ঘটনা। চিচিটিভিত বন্দী হৈছিল ধন লুটৰ এই সমগ্ৰ ঘটনা। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোকজনে।

Post a Comment

0 Comments