আৰক্ষীয়ে নহয়, ৰহাৰ দীঘলীআটিত ৰাইজে ধৰিলে ড্ৰাগছ আসক্তৰ লগতে সৰবৰাহকাৰীক

 


ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ আৰক্ষীয়ে নহয়, ৰহাৰ দীঘলীআটিত ৰাইজে ধৰিলে ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক। শনিবাৰে নিশা ৰাইজে হাতে-লোটে ধৰিলে পাঁচ ড্ৰাগছ আসক্ত আৰু এটা সৰবৰাহকাৰীক। ড্ৰাগছ আসক্ত যুৱককেইজন হৈছে মুস্তাকিন আলী, তৌফিক ৰহমান, আমিনুল আনচাৰি, ক্ষীৰুদ বৰ্মন, আৰু আফতাৰ আলী।

ইপিনে, ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনকো কৰায়ত্ত কৰে স্থানীয় ৰাইজে। শনিবাৰে নিশা ৰহাৰ দীঘলীআটিত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত  গোপনে অভিযান চলাই চাৰিজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পিছত তেওঁলোকৰ তথ্যৰ ভিত্তিত দীঘলীআটিৰ এখন ধাবাৰ পৰা মৰিগাঁৱৰ আঁহতগুৰিৰ ক্ষীৰোদ বৰ্মন নামৰ আন এজন ড্ৰাগছ আসক্ত‌ই ড্ৰাগছৰ বেজী লৈ থাকোতেই ৰাইজে হাত–লোটে  আটক কৰে।

অৱশ্যে ক্ষীৰোদৰ দুই সংগী পলাই সাৰে। বাকী আসক্ত কেইজনৰ ঘৰ ৰহাৰ দীঘলীআটিত। পিছত গাঁওৰক্ষী বাহিনী তথা স্থানীয় ৰাইজে আটাইকে ৰহা আৰক্ষীক গতাই দিয়ে। ইয়াকে লৈ অঞ্চলটোত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Post a Comment

0 Comments