কিয় বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত নাই ৰতন টাটাৰ নাম? ৰতন টাটাৰ এনে কৰ্মৰাজীৰ বিষয়ে জানেনে?


 পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি কোন সকল আমি কিদৰে জানিব পাৰো? ধন সম্পদৰ সিংহভাগ আছে মুষ্টিমেয় কেইজনমানৰ হাতত। তেওঁলোকৰ মাজত অহৰহ চলে প্ৰতিযোগিতা। কেতিয়াবা এজন তালিকাৰ শীৰ্ষলৈ যায়, কেতিয়াবা আন এজন। ফোৰ্বছৰ তালিকাত এতিয়া ধনী ব্যক্তিৰ শীৰ্ষত আছে এলন মাস্ক। ইটোৰ পিছত সিটো কোম্পানী ক্ৰয় কৰিছে তেওঁ। কিন্তু কেৱলমাত্ৰ টকাৰ ভিত্তিত ব্যৱসায়ী চিনাৰ পন্থা কিমান সঠিক? ৰতন টাটাৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু তেওঁৰ নাম আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই কিয়?

টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই। ফলত ইয়াকে লৈ কৌতুহল থকাতো স্বাভাৱিক।

ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ৰতন টাটাক বেয়া পোৱা মানুহৰ সংখ্যাও নগণ্য। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ অসামান্য দূৰদৃষ্টিৰ কথা কোনেও নজনা নহয়। কিন্তু ৰতন টাটা জনপ্ৰিয় নিজৰ সমাজসেৱাৰ লগত জড়িত কৰ্মৰাজীৰ বাব। মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে তেওঁ। আৰু সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ'ব পৰা নাই ৰতন টাটা। ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটাক। একেবাৰে কম ব্যৱসায়ীৰ ক্ষেত্ৰতহে এই কথা প্ৰযোজ্য হয়।

ৰতন টাটাৰ বৰ্তমান বয়স ৮২ বছৰ। প্ৰতিগৰাকী ভাৰতীয়ই অন্য ধৰণে চাই টাটাক। দীৰ্ঘ প্ৰায় ৬০ বছৰধৰি পৃথিৱীৰ অন্যতম বৃহত্‍ ব্যৱসায়-বাণিজ্য পৰিচালনা কৰিছে তেওঁ। আশা কৰা যায় যে, ভাৰতবৰ্ষৰ সকলোফালৰ ধনীৰ তালিকাত নিশ্চয় প্ৰথমতেই থাকিব ৰতন টাটাৰ নাম। একেবাৰে প্ৰথমতে নাথাকলেও অন্তত ১০ৰ পৰা ২০ৰ ভিতৰত থাকিব। কিন্তু জানিলে আচৰিত হ'ব যে, আইআইএফএল, ৱেল্থৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ, টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন।

Post a Comment

0 Comments