আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈছে অপৰাধীয়ে, নগাঁৱত জ্যেষ্ঠ সাংবাদিকৰ ঘৰত ডকাইতিৰ অপচেষ্টা

 


নগাঁও আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবেই নগাঁৱত বৃদ্ধি পাইছে চোৰ-ডকাইতৰ টিঘিল-ঘিলনি। বিশেষকৈ নগাঁও চহৰৰ মাজৰআটী, লাওখোৱা ৰোড, ফৌজদাৰীপট্টি, আমোলাপট্টি, উত্তৰ হয়বৰগাঁও আদি অঞ্চলত নিশা হ'লেই চোৰ-ডকাইতৰ দপদপনি চলে। নগাঁও আৰক্ষীয়ে নিশা নিয়মীয়া টহল দিয়াৰ ক্ষেত্ৰত কৰা অৱহেলাৰ বাবেই বৰ্তমান পুনৰ অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও।

আজিৰ পৰা এমাহ পূৰ্বে নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ীৰ ঘৰত হোৱা লোমহৰ্ষক ডকাইতিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এইবাৰ নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ঘৰত ডকাইতৰ দলে লুটপাত কৰাৰ অপচেষ্টা কৰে।

নগাঁও সদৰ আৰক্ষী থানাৰ (Nagaon Police) অন্তৰ্গত মাজৰআটী শংকৰদেৱ পথৰ নিৱাসী বৈদ্যুতিন মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰাৰ ঘৰত সোমবাৰে নিশা ডকাইতৰ দলে গ্ৰীল ভাঙি প্ৰৱেশৰ চেষ্টা চলায়। অৱশ্যে ডকাইতৰ দলটোৱে গ্ৰীল ভঙাৰ শব্দ শুনি চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে।

উল্লেখ্যে, ঘটনা সংঘটিত হোৱাৰ সময়ত তপন কুমাৰ বৰা পৰিয়ালসহ পুৰণিগুদামস্থিত পিতৃগহলৈ গৈছিল।  কিন্তু এই খবৰ পোৱাৰ পিছতে নিশাই তেওঁ ঘৰত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা লোহাৰ সা-সৰঞ্জাম আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই নগাঁৱত সকলো আৰক্ষী বিষয়াৰ সৈতে বিশেষ বৈঠকত মিলিত হোৱাৰ পিছতো নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰনত দেখুওৱা ব্যৰ্থতাই অঞ্চলটোৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।

Post a Comment

0 Comments